মায়াবিনীৰ শেষ বিদায়

 মায়াবিনীৰ শেষ বিদায়

(জুবিন দাৰ স্মৃতিত)


জুবিন.....

এটি মাথোঁ নাম নহয়

এটা জাতিৰ সত্তা

জুবিন মানেই এটা যুগ‚এখন গভীৰ সাগৰ।

লিখিবলৈ লৈ ৰৈ গৈছোঁ মই। ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ?কলম স্তব্ধ নে মোৰ শব্দ...!একবিংশশতিকাৰ কাহিনী যেন ইয়াতেই শেষ। প্ৰাণৰো প্ৰাণৰ বুকুৰ আপোন জুবিনদাৰ প্ৰাণটো বিদেশৰ সাগৰে কাঢ়ি লৈ গ'ল।


অবিশ্বাস্য!

জনা-নজনা দিনৰ পৰাই এটাই বুজিছিলোঁ...জুবিন মানেই গান আৰু গান মানেই জুবিন। এইজন যাদুকৰী কণ্ঠৰ অধিকাৰী আজি পঞ্চভূতত বিলীন। তেওঁ কি নোহোৱাও হ'ব পাৰে নে? মৃত্যু ইমান সহজ নে তেওঁৰ বাবে? কাকো একো এষাৰি নোকোৱাকৈ গুচি গ'ল তেওঁ। ক'বওনো কিয়? তেওঁ জানো অসমক এৰি যাব পাৰে! নে অসমে তেওঁক দিব পাৰে বিদায়!


সাগৰ তলিত শুব খুজিছিল তেওঁ‚শুই গ'ল। অসমৰ মাটিত তেওঁৰ মৃত্যু লিখা নাছিল। অসমে নিবিচাৰে তেওঁৰ মৃত্যু। মৃত্যুক জয় কৰিব পৰা মানুহজনক বিদেশৰ সাগৰে লৈ গ'ল। অসমৰ শক্তিয়েই নাই তেওঁৰ উশাহ কাঢ়ি আনিবলৈ। জুবিন নামৰ এই সত্তাটো ইমানেই গভীৰ যে গভীৰ সাগৰতহে তেওঁ বিলীন হ'ল। 


অসমে হেৰুৱালে এটি ধ্ৰুৱ নক্ষত্ৰ আৰু এতিয়া এই নক্ষত্ৰৰ গীতত কঁপিছে সমগ্ৰ অসম....

জুবিনদাক আমি ক'ত বিচাৰি নাপাম....


শৈশৱৰ হাঁহিয়ে যেতিয়া গুণগুণাব—

"মনলে উভতি আহে ল'ৰালি

তোৰে মোৰে এটি এটি ধেমালি"


যেতিয়া প্ৰেমৰ পৰশে প্ৰাণ পাব—

"যুগে যুগে প্ৰতি খুজে

তোমাতেই মই হ'ম বিলীন

এন্ধাৰৰে চুকে চুকে

আছোঁ মই তোমাতেই লীন"


যেতিয়া পুৰুষৰ দুচকুত এহাল চকুৱে খেলি থাকিব—

"তোমাক দেখা পালে 

সপোন জাগি উঠে

বুকুখনি হয় তাজমহল"


মৃত্যুৰ ঝংকাৰতো বাজিব তেওঁৰ সুৰ—

"দেহাৰ ভৰষা নাই 

শুনিছানে নাই......"

 

প্ৰেয়সীৰ বিচ্ছেদত প্ৰেমিকৰ হৃদয়ে চিঞৰিলে—

"বুকু ভৰি আছে মোৰ

অমিয়া মৰম

তেজে তেজে বিয়পি 

দিয়াহি জীৱন"


যেতিয়া প্ৰেমে বিবাহৰ ৰূপ ল'ব—

"বিভাবৰীয়া আমাৰে মিলনৰ 

উজাগৰী ৰঙীন সপোনৰ

খিৰিকীৰে জুমি জোনাকে

গীত গাই শুভ প্ৰণয়ৰ"


এনেকৈয়ে জীয়াই থাকিব জুবিনদাৰ অস্তিত্ব...

আমাৰ হৃদস্পন্দন জুবিন গাৰ্গ সদায় থাকিব অসমীয়াৰ বুকুত‚তেজত‚উশাহত। দেহৰ শিৰাই-শিৰাই বিয়পিব তেওঁৰ নাম‚অমিয়া সুৰ। প্ৰতিজন অসমীয়াই চিঞৰি চিঞৰি গাব—

"মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলা গোপনে আহি

হিয়াৰ কোণত"


ভালে থাকক আপুনি

জয় জুবিন দা…✊🙏🕊



                       —নিশা বৰা

Post a Comment

1 Comments