দেউতা
চুক্তি আছিল , পৰীক্ষাত প্ৰথম বিভাগ পালে দেউতাকে এটা এনড্ৰয়ড মোবাইল কিনি দিব । সেই আশাতেই ল'ৰাটোৱে সকলো বাদ দি বহুত কষ্ট কৰি পঢ়িছিল ।
দেউতাকেও ল'ৰাটোক ভাল ৰিজাল্ট কৰিলে দহহাজাৰ টকীয়া মোবাইল এটা কিনি দিম বুলি কথা দিয়াৰ বাবে , কেইদিনমানৰ পৰা পুৱাতেই উঠি অৰ্থৰ সন্ধানত ঘূৰিবলৈ লৈছিল ।
অৱশেষত ৰিজাল্ট আহিল ।
প্ৰচণ্ড ৰ'দতো অৰ্থৰ বাবে দেউতাক কঠোৰ পৰিশ্ৰমত ব্যস্ত । তেনে সময়তে তেওঁৰ জেপত থকা ফোনতো বাজি উঠিল । ইফালৰ পৰা তেওঁৰ পুত্ৰই আবেগ ভৰা কণ্ঠৰে ক'লে = " দেউতা , মই ফাৰ্ষ্ট ডিবিজন পালো । লগতে দুখনত লেটাৰো আছে ।"
কথাষাৰ শুনাৰ লগে লগেই দেউতাকৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি আহিল । নিজকে তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী মানুহ যেন অনুভৱ কৰিলে ।
কিন্তু
পিছমুহুৰ্ততে তেওঁৰ মনতো বেয়া হৈ আহিল । কাৰণ এটা ফোন কিনিবৰ বাবে তেওঁ এতিয়াও টকাৰ যোগাৰ কৰিব নোৱাৰিলে ।
সিমানতে তেওঁ কামৰ পৰা ছুটি লৈ ঘৰলৈ বুলি গুচি আহিল ।
ঘৰত সোমোৱাৰ লগে লগে সন্তানৰ এষাৰ কথা শুনি তেওঁৰ চকুৱেদি অশ্ৰুৰ নিজৰা বৈ আহিল । তেওঁক সাঁৱতি ল'ৰাটোৱে ক'লে = " দেউতা , মোক এতিয়াই মোবাইল নালাগে । হায়াৰ চেকেণ্ডেৰি পাছ কৰাৰ পিছত হে ল'ম ।"
সঁচাকৈয়ে আছৰিত !! কালিৰ লৈকে নাচোৰ বান্দো ল'ৰাটোৱে , আজি নিজ পিতৃক বুজি পাইছে !!!
,
এনে ঘটনাৰ অলেখ সাক্ষী হ'ল মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী বিলাক । যাৰ সপোনৰ ৰঙ ও ক'লা হে হয় । যাৰ জন্মদিনও সৰু সৰু ল'ৰা ছোৱালী দুটামানক মাতি বুটমাহ দিয়েই পালন কৰা হয় ।
মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে যেতিয়া আড্ডা মাৰে , তেতিয়া তেওঁলোকৰ কথা বাৰ্তা শুনি খুবেই ভাল লাগে । কাৰণ তাত অনেক সপোন উৰি ফুৰে , থাকে বহুত নোপোৱাৰ বেদনা আৰু থাকে সপোন পুৰ্ণ কৰাৰ দৃঢ় প্ৰতিজ্ঞা ।
এইদৰেই
হয়তো দামী ফোনৰ দৰে কোনো উপহাৰ পোৱাৰ লোভ এওঁলোকে এৰাই চলিব পাৰে ।
যিসকলে ওপৰত উল্লেখিত ল'ৰাটোৰ দৰে পিতৃৰ কষ্টক বুজিব পাৰে , অদুৰ ভৱিষ্যতে তেওঁৱেই সফল হয় আৰু যিসকলে পিতৃৰ কষ্টক হৃদয়াঙ্গম কৰিব নোৱাৰি তেওঁক টেঁটুচেপা দিয়ে , তেনে সন্তানৰ ভৱিষ্যত কি হ'য় , আমাৰ চাৰিওফালে চালেই বহুত দেখিবলৈ পোৱা যায় ।
,
সেইসকল পিতৃলৈ সহস্ৰ প্ৰণাম , যি নিজৰ প্ৰতিটোপাল ঘামৰ বিনিময়ত নিজ সন্তানক মানুহ ৰূপে গঢ়িব পাৰে ।
,
___ এই লেখা পঢ়ি থকাৰ সময়ত , আপোনাৰ মনলৈ সেইজন ব্যক্তিৰেই প্ৰতিচ্ছবি আহি থাকিব , যি হ'ল আপোনাৰ পিতৃ । হ'ব পাৰে তেওঁ মৃত অথবা জীৱিত , তথাপিও এবাৰ চিঞৰি কওক ………" মই তোমাক বহুত ভাল পাওঁ …দেউতা !!!!
পূজা বৰা ।
নগাঁও বিশ্ববিদ্যালয় ।

0 Comments