Loving you in silence is the only way I can, for your heart beats for someone else.
সকলো কথা জানো খুলি কোৱা প্রয়োজন?
অনুভৱী হিয়াখনে চোন নিজেই
আপোনত্বৰ উমান পায় বুজাজনক অলপ অভাৱেই
বহু কথা বুজাই যায়।
চকুৰ আগত থাকিও,
যেতিয়া হয় অচিনাকী মনৰ
সময়ো নহয় উভতি চাব,
নালাগে মিছাতে অভিনয় কৰিব
পাহৰিব নোৱাৰাকে স্মৃতিবোৰ
ব্যস্ততাৰ অজুহাতত যেতিয়া হেৰাই
যায় আপোন বুলি ভৱাজনৰো
চিনাকী জানানে দূৰণীৰ পৰাই,
সেয়েহে এতিয়া দুখতো দুখী আৰু সুখতো সুখী।

0 Comments