অংশুমান শইকীয়া 




_বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ_, 

_এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান_

          বৰ অসমৰ স্বাভিমান, গৌৰৱ আৰু স্বকীয় ঐতিহ্যৰে মহীয়ান বিহু হৈছে জাতিটোৰ চিনাকীৰ প্ৰতীক। তিনি বিহুৰ ভিতৰত অন্যতম মাঘ বিহু তথা ভোগালী বিহুৰ সময়ত অসমৰ গ্ৰাম্য অঞ্চলৰ পৰিৱেশ মন কৰিবলগীয়া। সহজ ভাষাত ভোগালী বিহুৰ বিশেষত্বই হৈছে ভোগৰ উৎসৱ অৰ্থাৎ এই সময়ত চহা খেতিয়কৰ ভঁৰাল ন শইচেৰে উভৈনদী হৈ থাকে। অজস্ৰ হেপাঁহ আৰু আশাৰে ৰোপন কৰা সপোনৰ কঠিয়াজাকে সোণবৰণীয়া আৱৰণ আৱৰি গ্ৰাম্য অৰ্থনীতি চহকী কৰা সপোনৰ শস্যজাকৰ ঘৰলৈ আগমনৰ উৎসাহতে পালন কৰা ভোগালী বিহুটিৰ ৰূপ সৌন্দৰ্য আজিৰ বৰ্তমানত যথেষ্ট বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে।

             অসমীয়াৰ সন্তান হিচাপে বিহুৰ সময়ত মন থৌকি বাথৌ হোৱাৰ লগতে গা সাতখন আঠখন হৈ থাকে। সৰুৰে পৰাই ভোগালী বিহুৰ সময়ত ভেলাঘৰ সজাৰ পৰা নিশা‌ জপনা-জেওৰা চুৰি কৰা লৈকে সকলোখিনি পৰম্পৰাৰ লগত জড়িত হৈ আহিছোঁ। উৰুকাৰ নিশা ওচৰ চুবুৰীয়াৰৰ লগত এসাঁজ উদৰপূৰাই খোৱাৰ উদ্দেশ্যৰেই প্ৰায় সপ্তাহ জোৰা পৰিকল্পনা..... কোনে কি খাব, কোনখন বজাৰৰ মাছ বেছি সোৱাদ হ'ব, মাছৰ আঞ্জা লাউ বিলাহীৰে হ'বনে কাঠ আলু জালুকেৰে হ'ব.....উফ্ কিমান যে পৰিকল্পনা! খানাৰ বজাৰ কৰিবলৈ কোন কোন যাব তাক লৈ খকাখুন্দা। আকৌ ভোজ খাবৰ বাবে ভেলাঘৰ নিৰ্মাণৰ বাবে নৰা কটা, বাঁহ কটা, মাহজোৰা ব্যস্ততাৰে ভেলাঘৰ সজাৰ মজা আজিৰ প্ৰজন্মৰ বাবে চাগৈ পৰ্বতৰ কাঁছকণী। ভোগালী বিহুৰ নিশা গৃহস্থৰ ঘৰৰ বৰা জেওৰা,জপনা,খৰি আদি চুৰি কৰাও পূৰ্বৰ পৰাই পৰম্পৰা ৰূপে মানি অহা হৈছে। উৰুকাৰ নিশা ডাঙৰকৈ ধৰা জুইকুৰা পুৱাঁলে বছৰটোলৈ বেমাৰ আজাৰ বিশেষকৈ বিষ আদি নিৰাময় হয় বুলি জনবিশ্বাস প্ৰচলিত আছে। বিশেষকৈ আমাৰ দৰে কৃষি কাৰ্যৰ লগত জড়িতসকলৰ বাবে মাঘ বিহুৰ মাদকতা অতিকৈ সুকীয়া। 

নতুন চাউলেৰে পিঠা পনা তৈয়াৰ কৰা, সান্দহ চিৰা প্ৰস্তুত কৰা আদি বোৰে সৰুৰে পৰাই মনত দকৈ সাঁচ বহুৱাই ৰাখিছে। লগতে উৰুকাৰ দিনা নৈ বা বিলত সমূহীয়াকৈ মাছ মৰাটোও ভোগালী বিহুৰ অন্যতম মাদকতা।

          কিন্তু বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত আদৰৰ বিহুটিয়ে নিজস্ব স্বকীয়তা কিছু হ'লেও লোপ পোৱাটো চকুত পৰিছে। আড়ম্বৰপূৰ্ণ ভোগালী মেলা, সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী আদিবোৰে বিহুটিৰ প্ৰসাৰত হাত উজান দিলেও মূল ঐতিহ্য, পৰম্পৰা আৰু নীতি নিয়মসমূহ শুদ্ধ ৰূপত নৱপ্ৰজন্মৰ আগত চিনাকী কৰাই দিলেহে বিহুটি আগলৈকো নিজৰ ভৰিত থিয় হৈ থাকিব।

Post a Comment

0 Comments