বৰ্তমান যুগ: এক যান্ত্ৰিক প্ৰতিফলন...
বৰ্তমানৰ যুগ — মানৱশ্ৰেষ্ঠ প্ৰগতিৰ যুগ,
কৃত্ৰিমতাৰে আবৃত, চৌপাশে মনোমোহা ৰূপ।
শ্ৰেষ্ঠ মানৱে ধন্য কৰিছে জগত,
ভৰপূৰ প্ৰকৃতিৰ বৈচিত্ৰ্যৰ স্বৰূপ।
তথাপি কিয় শুনা যায় যন্ত্ৰণাৰ কান্না?
মানুহৰ মাজত লাহে লাহে শেষ মানৱতা।
যান্ত্ৰিকতাৰ আঁচলত ঢাকি—
ভৰিছে চকু অশ্ৰুকণাত, হৃদয়ৰ বিষে ছাঁকি।
মানৱৰ অশ্ৰুকণাত নিহিত অপাৰ বেদনা,
গোলক পৃথিৱীত বাঢ়িছে অস্পৃশ্যতাৰ স্ৰোত।
কঠোৰ হৈছে সমাজ,
মানুহৰ মাজত নাই মানৱতাৰ খোজ।
পূৰ্ণ জগতৰ ধাৰা — তথাপি অপূৰ্ণ,
চিৰ যুগমীয়া হৈ ৰৈছে ক্ষুদ্ৰ মানসিকতাৰ ৰূপ।
নিমিষতে শেষ হয় ন্যায়ৰ অধ্যায়,
মুকলি হয় অপাৰ অন্যায়ৰ দুৱাৰ!
তথাপিও শ্ৰেষ্ঠ পদত অধিষ্ঠিত মানৱজাতি,
এয়া মানৱতা — নে বৰ্তমানৰ সৃষ্টি?
নে এক কঠোৰ সত্য—
মানৱ পতনৰ যান্ত্ৰিকতাৰ গঠন...
শ্ৰী তৃষা বৰা
নগাঁও বিশ্ববিদ্যালয়

0 Comments