বিষয় :- "মানুহ" হোৱাটো সহজ কথা!!

 

বিষয় :- "মানুহ" হোৱাটো সহজ কথা!! 


"মানুহ" হোৱাৰ পালন-পোষণ, তেওঁলোকৰ আচৰণ, কথোপকথনৰ ধৰ্ম - ই সকলোতকৈ বেছি নিৰ্ভৰ কৰে পৰিয়ালৰ পিতৃ-মাতৃৰ ওপৰত। এজন ব্যক্তিৰ জন্মৰ পৰাই যদি সঠিক সময়তে সঠিক শিক্ষা আৰু শাসন মাতৃ-পিতাৰ পৰা পায়, তেন্তে ব্যক্তি গৰাকীৰ আচৰণ নিঃসন্দেহে শুদ্ধ আৰু ভাল হয়।


যদি এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে ভুল কথা কয়, অপকর্ম কৰে বা বেয়া আচৰণ কৰে, তেন্তে সেই সময়তেই তাক শিক্ষা দিয়া অতি প্ৰয়োজনীয়। শিক্ষা দিয়া মানে কেৱল প্ৰেমেৰে নহয়, প্ৰয়োজন হ’লে কঠোৰতাৰে শাস্তি দিয়াটোও অতিশয় দৰকাৰ। কাৰণ, যদি এটা শিশুৱে প্ৰথমবাৰ ভুল কৰে তেন্তে সেই শিশুটোৱে থিক একে সময়তে শিক্ষা বা শাস্তি নাপালে, শিশু ক্ৰমান্বয়ে হাতৰ পৰা ওলাই যায়। কিন্তু যদি প্ৰথমবাৰতে শাস্তি বা উপদেশ পায়, তেন্তে দ্বিতীয়বাৰ সেই ভুল কৰিবলৈ সাহস নকৰে আৰু ভৱিষ্যততো সেই ভুল নকৰে। মোৰ এতিয়াও মনত আছে, মই সৰুতে এদিন বেয়া কথা এটা কৈছিলো, থিক একে সময়তে মোৰ ওচৰত মোৰ মা আছিল। বেয়া কথাটো মুখৰ পৰা ওলোৱা মাত্ৰকেই মুখতে এক চৰ মাৰিলে আৰু দিনৰ দিনটো নামাতিলে। লগতে আজি পৰ্যন্ত বেয়া কথা মুখৰ পৰা উলিয়াবলৈ সাহস নহ'ল!


পিতৃ-মাতৃৰ পৰা এটা শিশুৱে মৰম পোৱা আৱশ্যক, কিন্তু মৰমৰ লগতে শিশুৰ মনত অলপ ভয়ো থকা উচিত। "এই কাম কৰিলে মোৰ মা-দেউতাই মোক শাস্তি দিব বা শিক্ষা দিব" - এই ভয় বা শংকাটো প্ৰত্যেক শিশুৰ মাজত সদায় থাকিব লাগিব। শিশুটি লাগে যিমানেই ডাঙৰ নহওঁক, লাগে বিবাহিত হওঁক, পিতৃ মাতৃৰ পৰা শিক্ষা আৰু উপদেশ লোৱাটো জীৱনৰ অন্ত পৰ্যন্ত চলি থাকিব লাগে।


যদি সময়তে সঠিক শিক্ষা নিদিয়া হয়, তেন্তে শিশু বেয়া কামত সম্পূৰ্ণ দক্ষ হৈ পৰাৰ পিছত তাক সঠিক পথলৈ আনিব নোৱাৰি। সেয়েহে সময়তে শিক্ষা দিয়া অতি জৰুৰী। ইয়াৰ উদাহৰণ আমাৰ সমাজত প্ৰায় পৰিয়ালত বা আশে-পাশে পোৱা যায়। 


কিন্তু এইখিনিতে এটা কথা নিশ্চিত যে বহু ব্যক্তি বহু বেয়া ব্যক্তিত্বৰ পৰাও ভাল হৈ পৰে। কিন্তু তেনে আজিকালি বহু কম সংখ্যক দেখিবলৈ পোৱা যায়। ভাল হোৱাটো সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। কোনো ব্যক্তিৰ নিজা বিবেকৰ ওজন কমিলেহে নিজে বেয়া হয় আৰু ইচ্ছা কৰিলে নিজেই সেই বেয়া হোৱা নৰককুণ্ডৰ পৰা ওলাই আহিব পৰা বিবেক প্ৰত্যেকৰে ওচৰত থাকে। কোনোবা বেলেগ লগ-লগৰীয়ে কেতিয়াও কাৰোবাক বেয়া নকৰে, বেয়া হোৱাটো সম্পূৰ্ণ নিজা বুদ্ধি বিকল হোৱাটো বুজায় আৰু লগতে কোনো বেজৰ তাবিজ বা যাদুয়ে মানুহক বেয়াৰ পৰা ভাল কৰিব নোৱাৰে, ভাল হ'বলগীয়া থাকিলে ব্যক্তি এজন নিজা বিবেক বুদ্ধিৰে ভাল হ'ব আৰু সমাজৰ আগত "মানুহ" হোৱাৰ স্বীকৃতি পাব।


(কাকো ব্যক্তিগত দৃষ্টিভংগীৰে কথাকেইটা কোৱা নাই। অনুগ্ৰহ কৰি কোনোৱে গাত পাতি নলয় যেন। ভুল হোৱাটো আৰু ভুলকৈ কোৱাটো আঙুলিয়াই দি শুদ্ধটো শিকাই দিব।)



~ আদিত্য দাস 

   বোকাখাত

Post a Comment

0 Comments